আমি খোৱা আহাৰ প্ৰধানত দুই প্ৰকাৰৰ- আমিষ আৰু নিৰামিষ আহাৰ। মাছ, মাংস, কণী আদি হ'ল আমিষ আহাৰ আৰু শাক- পাচলি, ফলমূল আদি হ'ল নিৰামিষ আহাৰ। সাধৰণতে মানুহে আমিষ আৰু নিৰামিষ দুয়োপ্ৰকাৰৰে আহাৰ গ্ৰহণ কৰা দেখা যায়। পৃথিৱীৰ বিভিন্ন প্ৰান্তত হোৱা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে আমিষ খোৱা মানুহবোৰ সোনকালে বুঢ়া হয় আৰু বহুত খঙাল হয়। কিন্তু নিৰামিষ খোৱা মানুহবোৰ সোনকালে বুঢ়া নহয় অৰ্থাৎ তেওলোকৰ দেহত বয়স হলেও বয়সৰ চাপ শৰীৰত দেখা নাযায়। ইয়াৰ উপৰিও নিৰামিষ খোৱা মানুহবোৰ শান্ত প্ৰকৃতিৰ হোৱা দেখা যায়। বিভিন্ন আমিষ আহাৰে মানুহৰ দেহত বিভিন্ন বেমাৰ হোৱাও দেখা যায় । যেনে গাহৰি আৰু গো মাংস খালে মানুহৰ ফিটা পেলু হোৱাৰ সম্ভৱনা থাকে। আজি ডাক্তৰে মানুহক red meat খাবলৈ বাধা কৰা দেখা যায় কাৰণ ইয়াত higt saturated fat content থাকে যিটো মানুহৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক।
মানুহে দুয়ো প্ৰকাৰৰ খাদ্য খাই যদিও আচলতে মানুহ নিৰামিষ নে আমিষ গম পোৱা নাযায়। কিন্তু মানুহৰ দাতঁৰ গঠন আৰু পানী খোৱা ধৰণৰ ফালৰ পৰা চালে মানহক নিৰামিষ যেন হে লাগে। কিয়নো আমিষ খোৱা প্ৰাণীৰ মাংস টুকুৰা টুকুৰ কৰিবলৈ জোঙা দাতঁ থাকে কিন্তু মানুহৰ নাই। আকৌ আমিষ খোৱা প্ৰাণীয়ে পানী চেলেকি খায় কিন্তু নিৰামিষ খোৱা প্ৰাণীবোৰে পানী পি খোৱা দেখা যায়।এই দুয়োটা লক্ষণ বিচাৰ কৰি চালে গম পোৱা যায় যে মানুহৰ দাতঁ আৰু পানী খোৱা ধৰণ আচলতে নিৰামিষ ভোজী প্ৰাণী দৰেহে ।ইয়াৰ উপৰিও মানুহৰ তেজ ক্ষাৰকীয়। গতিকে দেখা যায় যে প্ৰকৃতিয়ে মানুহৰ শৰীৰ নিৰামিষ আহাৰৰ অনুকুলকৈ গঠন কৰিছে। মানুহৰৰ শৰীৰৰ গঠন আৰু কাৰ্য্য তথা সুস্হতাৰ কথা চিন্তা কৰি আমিষ আহাৰ সম্পূৰ্ণ বৰ্জন কৰি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। মানুহে যদিহে আমিষ আহাৰ বাদ দি নিৰামিষ আহাৰ গ্ৰহণ কৰি থাকে, তেতিয়া দেখা যায় যে শৰীৰৰ প্ৰাকৃতিক ভাৰসাম্য বজায় ৰখাত সহায় হয়।
আমি খাদ্য কেনেদৰে খাব লাগে?



Mojja
ReplyDelete